ASSAM EMPLOYMENT

Top 50 Sports GK Quiz – Sports GK Quiz in Assamese Language

Sports GK in Assam:–

Sports of Assam Police Exam, Sports of Assam GK Bank Exam, Sports of Assam Post Office Exam, Geography of Assam GK PNRD Exam, Sports of Assam GK Medical Exam, Sports of Assam Forest Guard Exam, Assam Sports of APDCL Exam, Assam Sports of Agriculture Exam, and other state exams.

The Department of Sports and Youth Welfare was made in the year 1988-89 with the target of acquiring all over advancement the field of sports and youth government assistance in the state. One more significant goal of the production of the Sports and Youth Welfare Department was to endlessly carry out the plan of Physical Education, Youth Welfare, Adventure and Sports, and Mountaineering rigorously. The division is truly reassuring the exercises of NCC, NSS, Bharat Scouts, and Guides. Climbing and experience sports in the state. The office has zeroed in on preparing and training programs, sports arenas, experience establishments, ability advancement, and youth and sports clubs for sprouting sportspersons and youth to work on their abilities.

1. ‘খেল-ধেমালী’ বুলিলে কি বুজা ?

উত্তৰঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি  সাধাৰণ সঁজুলিৰ সহায়ত  অংগ সঞ্চালন  কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে ।

2. ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত।

3.  বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৬ টা।

4.  অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত  হয় ?

উত্তৰঃ জীয়া ভৰলীত।

5. প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?

উত্তৰঃ বাবুল বাৰ্মিজ।

6. গুৱাহাটীত প্রথম এদিনীয়া আন্তঃৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল ?

উত্তৰঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।

7.  ‘লোকপ্রিয় বৰদলৈ ট্ৰফী ফুটবল’ প্রতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৫২ চনত।

8. কোন তাৰিখত ‘অসমত  ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয় ?

উত্তৰঃ ১৭ অক্টোবৰ ।

9. ‘ডুগৰ শিল্ড ফুটবল’ প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ১৯৬২ চনত।

10.  অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযোগিতা কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত।

11. ‘বৰদলৈ ট্ৰফী’ প্রতিযোগিতা’ৰ প্রথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ?

উত্তৰঃ ১৯৯৩ চনত।

12. কোন চনত গুৱাহাটীত সৰ্বপ্রথম এদিনীয়া আন্তর্জাতিক  ক্ৰিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত  হৈছিল ?

উত্তৰঃ ১৯৮৩ চনত।

13. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্রতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্রথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ অনুপ ঘটক।

14.  উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল ?

উত্তৰঃ উইলিয়াম মেগৰ দ্বাৰা।

15. ‘ভাৰতীয় ফুটবল সংস্থা’ৰ   সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন ?

উত্তৰঃ নুৰুল আমিন।

16. অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ আৰ. জি. বৰুৱা।

17. এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন ?

উত্তৰঃ সুৰেণৰাম ফুকন।

18. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্রেষ্ঠ  খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ তোষেশ্বৰ দত্ত ।

19. অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ?

উত্তৰঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।

20. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম  খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

21. ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক  উপন্যাসখনৰ লিখক কোন ?

উত্তৰঃ শ্যামা প্ৰসাদ শৰ্মা।

22. ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন ?

উত্তৰঃ চুচেন দাস।

23. ১৯৮৫ চনত বেংককত অনুষ্ঠিত   ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন ?

উত্তৰঃ ফ্রান্সিচ বৰুৱা।

24. ভাৰতীয় টেবুল টেনিচ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

উত্তৰঃ নন্দিনী বৰুৱা।

25. ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান  লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

26. ১৯৯৬ চনত ৰাষ্ট্ৰীয়  জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন ?

উত্তৰঃ এলভিছ আলী হাজৰিকা।

27. ভাৰত ‘এ’ দলত অন্তর্ভুক্ত  হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন ?

উত্তৰঃ জাবেদ জামান।

28. ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন ?

উত্তৰঃ বীৰেন বড়ো।

29. কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল ?

উত্তৰঃ ১৯৮০ চনত।

30. বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ পল্লৱী পৰাশ।

31. ভাৰতৰ বক্সিং দলত স্থান  লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

উত্তৰঃ বিতোপন শইকীয়া।

32. ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল ?

উত্তৰঃ চিৰাজ উদ্দিন আহম্মেদ।

33. ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ গৌতম দত্ত ।

34. অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ টালিমেৰণ আও (১৯৪৮ চন)।

35. অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?

উত্তৰঃ এলভিচ আলী হাজৰিকা।

36. ৰাষ্ট্ৰীয়  জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল ?

উত্তৰঃ মানস দাস (১৯৮৯ চন)।

37. ইংলণ্ডত প্ৰচলিত ‘হোৱা  ডেট টাইগা’ নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল ?

ত্তৰঃ সুখদেৱ গোস্বামী।

38. ১৯৮৫ চনত ৰাষ্ট্ৰীয়  সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা  অসমীয়া খেলুৱৈজন কোন ?

উত্তৰঃ মিঠু বৰুৱা।

39. এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন ?

ত্তৰঃ ভোগেশ্বৰ বৰুৱা (১৯ ৬৬ চন)।

40. অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ?

উত্তৰঃ নিপ বৰুৱা।

41. ২০০১ চনত কলম্বোত অনুষ্ঠিত  এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি ?

উত্তৰঃ অংশুমান দত্ত  (১৪ বছৰ বয়সত)।

42. ১৯৯৪ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ দীপাংকৰ ভট্টাচাৰ্য।

43. ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আছিল ?

উত্তৰঃ অৰুনিমা মজুমদাৰ (১৯৯৭ চন)।

44. ইয়াৰে কোনটো দল সংগঠিত নহয় ?
(ক) ভলীবল   (খ) কাবাডী   (গ) দবা   (ঘ) ফুটবল

উত্তৰঃ দবা ।

45. নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ?
(ক) জাপান   (খ) ভাৰত   (গ) নিউজিলেণ্ড   (ঘ) বাংলাদেশ

উত্তৰঃ জাপান ।

46. ভাৰত কেতিয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম চেম্পিয়ন হৈছিল ?

উত্তৰঃ ১৯৮৩

46. কোনখন দেশে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক বিজয়ী হোৱাৰ সুযোগ লাভ কৰিছে ?

উত্তৰঃ ব্ৰাজিল ।

47. যিকোনো বিদেশী ফুটবল ক্লাবৰ হৈ খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন ?

উত্তৰঃ বাইচুং ভূটিয়া ।

48. টকিঅ’ অলিম্পিক ২০২০ ত জেভলিন থ্ৰো ইভেণ্টত ভাৰতৰ হৈ কোনে সোণৰ পদক জিকিছিল?

উত্তৰঃ নীৰজ চোপ্ৰা ।

49. টকিঅ’ অলিম্পিক ২০২০ ত কোন গৰাকী মহিলা ভাৰতীয় বক্সাৰে ব্ৰঞ্জৰ পদক জিকিছিল?

উত্তৰঃ লভলিনা বৰগোহাঁই ।

50. টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতীয় পুৰুষ হকী দলে কোন দেশৰ হকী দলক পৰাজিত কৰি ব্ৰঞ্জৰ পদক জিকিছিল?

উত্তৰঃ জাৰ্মানী ।

You can read more (আপুনি আৰু পঢ়িব পাৰে)

Indian History MCQ

> General Knowledge MCQ

> General Science MCQ

> Mathematics MCQ

“অজানিতে কোনো ভূল ভ্ৰান্তি হলে আঙুলিয়াই দিয়ে যেন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.